Arfan Ali [courtesy-assamese muslim fb gp]
প্ৰতিজন মুছলিমৰ ওপৰত তাবলীগ ফৰজ। ‘তাবলীগ’ আৰবী শব্দ ‘বালাগা’ৰ পৰা অহা শব্দ। যাৰ অভিধানিক অর্থ হৈছে অইনৰ ওচৰত কিবা পৌঁছাই দিয়া। এতিয়া কি পৌঁছাব লাগিব? বাল্লিগ মা উনজিলা ইলাইকা ‘তোমাৰ ওচৰত যিসকল বিধি-বিধান নাযিল (অৱতীৰ্ণ) কৰা হৈছে সেইবোৰ (মানুহৰ ওচৰত) পৌঁছাই দিয়া আৰু প্রচাৰ কৰা।’(৫:৬৭)। তাৰ কাৰণে প্ৰয়োজন বিদ্যা সেই কাৰণে প্ৰথমেই বিদ্যা ফৰজ কৰা হৈছে। ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, ‘ইলম (বিদ্যা বা দ্বীন) শিক্ষা কৰা প্রতিজন মুছলিমৰ ওপৰত ফৰজ (বাধ্যতামূলক)।’ (ইবন মাজাহ্: ২২৪)। (চীনদেশলৈ গৈ বিদ্যাশিক্ষা কৰিবলৈ কোৱা হাদীছটো জাল হাদীছ)। যিটো তাবলুগী জামাতীসকলে ব্যাপকভাৱে প্ৰচাৰ কৰে। এইটো নবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ নামত মিছা কথা। মহানবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে তাকিদৰ সৈতে এক হাদীছৰ মাধ্যমত কৈ গৈছে- অর্থ “মই তোমালোকৰ ওচৰত দুটা বস্তু ৰাখি গৈছো। যিমানদিন তোমালোকে এই দুটা বস্তু (জীৱনৰ সকলো স্তৰত) দৃঢ়ভাৱে ধৰি থাকিবা,কেতিয়াও পথহাৰা নহবা। এটা পবিত্র কুৰআন আৰু আনটো মোৰ ছূন্নাহ।’’ কিন্তু এতিয়া কথা হল আমাৰ সমাজৰ প্ৰচলিত তাবলীগৰ ধৰণ-কৰণ, বিষয়বস্তু ইত্যাদি ক্বুৰআন আৰু ছূন্নাহ অনুযায়ী হয়নে? নিশ্চয় নহয়। ৰাস্তাৰে চাইকেল চলাই যোৱা মানুহক তেওঁৰ হন্ধুসকলে কেতিয়াবা ধেমালী কৰি কোৱা শুনিছো যে আপোনাৰ চাইকেলৰ চকাত পাম্প নাই। তেতিয়া মানুহজনে হাঁহে কাৰণ জানে যে তেওঁৰ লগত ধেমালী কৰা হৈছে। তথাপি এনেই তেওঁ চাকাটোৰ ফালে চকু ফুৰায়, জানোচা সঁচাই কৈছে! কিন্তু অতি দূখৰ বিষয় এই যে গোটেই পৃথিৱীৰ অগণন মানুহে যুগ যুগ ধৰি চিঞৰি আছে প্ৰচলিত তাবলিগী জামাতৰ ছিলেবাছ আৰু কোৰ্চ কাৰিকুলাম ঠিক নহয়, তাত মিছা কথা, শ্বিৰ্ক আৰু বিদাতেৰে ভৰপুৰ অথচ তেওঁলোকৰ গায়েই নলৰে, এই কাৰ্য্যত আৰু বেছিকৈ অটল হে হয়। এই ফাজায়েলে আমাল বোলা কিতাপসংগৰ্গহত যে ভুল আছে তেওঁলোকৰ বহুতে স্বাকৰো কৰে কিন্তু প্ৰচাৰ বন্ধ নকৰে। ছৌদি আৰবৰ পৰা মুফতিসকলে দিল্লীলৈ আহি যেতিয়া ফাজায়েলে আমালত ভুল থকা বুলি পৰামৰ্শ দিছিল তেতিয়া এই তাবলিগী জামাতৰ আকাবীৰ সকলে কৈছিল, “হাম জাহিলো ছে বাত নাহি কৰতে।’’ গতিকে আমি পুনৰ অনুৰোধ কৰো সদাশয় ব্যক্তিসকলক যাতে তেওঁলোকে এই কোৰ্চটোক এবাৰ ৰিভিউ কৰে। আৰু বেলেগক লিষ্ট খোজাতকৈ নিজে অলপমান হাদীছ –ক্বুৰআন অধ্যয়ন কৰে।
No comments:
Post a Comment